মই জীৱন ভালপাওঁ
মই আকাশ ভালপাওঁ
মই বতাহ ভালপাওঁ
ভালপাওঁ ৰ'দসনা ৰাতিপুৱাবোৰ,
ৰ'দঘাই দুপৰীয়াবোৰ
আৰু দিনৰ শেষৰ চিকিমিকি সন্ধিয়াবোৰ|
শৰতৰ স্নিগ্ধতাই মোক প্ৰশান্তি দিয়ে,
হেমন্তৰ তাগিদাত সৰিপৰা পাতবোৰে
জীৱনৰ প্ৰকৃত সত্যক উপলব্ধি কৰোৱায়|
শীতৰ আগমনিৰ বতৰা দিয়া বৰষুণজাকৰ
বালিচন্দাসদৃশ টোপালবোৰে জীপাল কৰে মোৰ হৃদয়ৰ নিভৃত কোণ |
বসন্তৰ ফুলবোৰে মোক উদ্ বাউল কৰে
আৰু সেউজীয়াবোৰে শীতে লঠঙা কৰা মনটোক পুনৰাই প্ৰাণোচ্ছল কৰি তোলে |
ইমানবোৰ ভালপোৱাৰ বিনিময়ত
মই কোন সতে কওঁ
মৃত্যু সহজ বুলি !
মৃত্যু সহজ নহয় মোৰ বাবে |
বৰঞ্চ জীৱন ধুনীয়া
এই পৃথিৱীখন ধুনীয়া |
পৃথিৱীৰ প্ৰাণবোৰ ধুনীয়া |
মই প্ৰেমত পৰো মোৰ জীৱনৰ স'তে - প্ৰতিমূহুৰ্তে |
-
সুখ
ক'ৰবালৈ যাওঁতে মা বা দেউতাক কাপোৰসাজে ধুনীয়া লাগিছে বুলি কোনোবাই কৰা প্ৰশংসাৰ অন্তত তেওঁলোকে তপৰাই যে কয় " সৰু জীয়ে আনি দিছে |"
সঁচাকৈ এইকণেই পৰম সুখ |-
এই লিখনি সেই সকল পুৰুষৰ বাবে যি দেশৰ বাবে, জাতিৰ বাবে, সমাজৰ বাবে, পৰিয়ালৰ বাবে, বন্ধু-বান্ধবৰ বাবে, নিজৰ সকলো দায়িত্ব সুকলমে পালন কৰি জীৱন উচৰ্গা কৰি আহিছে।। তেওঁলোকক মোৰ আন্তৰিক মৰম আৰু শ্ৰদ্ধা জনালোঁ।।
-
নেদেখা আবেলিৰ তীব্র দেদাউৰি *
ভগ্ন পথিকৰ মসৃণ আলি *
বিবৰ্ণ সময়ত হেৰুৱা অস্তিত্বক *
ওৰে ৰাতি নিৰ্লজ্জ হৃদয়ে লুকুৱাব জানে *
সময়ে কৰা ষড়যন্ত্ৰৰ বিৰুদ্ধে আৰ্তনাদৰ সুৰ *
আকৌ এবাৰ যদি নিমন্ত্ৰণ দিয়ে *
জীৱনৰ বিৰুদ্ধে আছে অপৰ্য্যাপ্ত *
এজাপ হালধীয়া দস্তাবেজৰ হাঁহি *
ঠিকনাৰ অন্তৰাললৈকে শুই পৰিম *
অস্তগামী বেলিৰ শেষ দেদাউৰিক ভেদি *-
জীৱনৰ শিপাবোৰে মাটিত খামুচি আছে
আৰু
আবেলিৰ মেঘালী আকাশে আশাবোৰ ।
🍂-
কৰিবলৈ কাম থকাতো বোজা নহয়,
কৰিবলৈ একো নথকাতোহে জীৱনৰ সকলোতকৈ ডাঙৰ বোজা!-
এটি পল এটি ক্ষণ
অব্যক্ত অনাখৰী স্পন্দন!!
মই ক্লান্ত পথিক জীৱনৰ..
পথত,
বাট দেখুৱাই যায়
মোৰ ৰক্তাক্ত সত্ত্বাই,
আততায়ী যান্ত্ৰিক
সভ্যতাৰ ধুমুহাত
পিষ্ট মই,
বিষন্ন মোৰ আশা|
উদভ্ৰান্ত ছন্দৰ তালত
উত্তাল জীৱন,
বিৱৰ্ণ সময় ৰেখা|
হেৰোৱা দীগন্তৰ পম খেদি,
সুধিম আজি কি আছে
শেষ সীমনাৰ পাৰত?
হয়তো অস্তিত্বহীন শেষ আশ্ৰয়...
হৃদয়ৰ ঘড়ীটোৰ বিপৰীতে
জীৱনৰ অংকত
বিয়োগ হয় প্ৰতিদিনে
এটি পল
এটি ক্ষণ
অব্যক্ত অনাখৰী স্পন্দন!!-
সময়ৰ বাউসীৰে *
বাকী জীৱনে বিৰক্তিৰে নামে *
কবিতাৰ প্ৰেমত শত্ৰুতা ক্ৰমশঃ বাঢ়ে *
মনৰ প্ৰতিবিম্বত ভীষণ অভিযোগ *
নীলা চিয়াঁহীয়ে হেনো বেশ সলাইছে *
স্তৱক বোৰে প্ৰেমক গিলিছে *
অস্তৰাগেৰে উৰিছে জীৱনৰ গাত *
এখনি নীলা চাদৰ নিশাহৰ ছাঁত *
হুমুনিয়াহবোৰত মলিয়ন শাৰী *
নীৰৱতাৰ ফাঁকেৰে জীৱনৰ মিচিকিয়া হাঁহি *
~~~~~~~~~~~~~~~~~~~~~~~~~~~-
সুগন্ধি পখিলাৰ পম খেদি ফুৰাৰ পৰা
সুখৰ ছাঁ বিচাৰি মৰিচীকা খেদালৈকে
জীৱনটোৱে বাৰুকৈয়ে 'লৈ' পেলাইছে ৷
ধূলিৰে ধূসৰিত পৃষ্ঠাবোৰত
শব্দ এটা বিচাৰি ফুৰিছো -
'সকাহ' ৷
-
এটি আলসুৱা হাঁহিত মন হৰিব পৰা
নিৰ্মল চকু জুৰিয়ে
জীৱন সংগ্ৰামৰ ছবিখন নিতৌ আঁকে!!-