সেউজ আকাশৰ নীলিমা স্বপ্ন তুমি
হিমযেন মলয়া বুকুৰ,
নন্দনবনত ফুলা কুসুমৰ কলিযেন
উৰ্বশীৰ জেউতি চকুত ।
স্নিগ্ধ হৃদয়ৰ সোণোৱালী ছবি যেন
ইন্দ্ৰধনু মোৰ আপোন,
পলাশত ফুটি উঠা এটুপাল মৌ যেন
উন্মনা ৰূপহী তৰুণ ।
অগ্নিৰ শিখা যেন সৃষ্টিৰ ভাষা তুমি
প্ৰগতিত আমাৰ সপোন,
ক্লেশৰ অন্ত কৰি গোলাপৰ পৰশেৰে
যুগজিতা এই বান্ধোন ।-
দেউতা
আজি তোমালৈ বৰকৈ মনত পৰিছে অ
আজিও মনত পৰে দেউতালৈ।
আজিও মনত পৰে শেৱালি সৰা সেই দিনবোৰলৈ।
পুৱতি নিশা দেউতাৰ হাতত ধৰি
প্ৰাতঃভ্ৰমণ কৰিবলৈ যোৱা সেই দিনবোৰলৈ।
দেউতা তুমি যে
শেৱালি জোপা জোকাৰি দিছিলা।
মই আনন্দত আত্মহাৰা হৈ ওপৰলৈ চাই আছিলো।
আলফুলীয়া শেৱালিয়ে যে ফুলৰ সুৱাস বিলাবলৈ
হেঁপাহেৰে মোৰ গালে-মুখে চুমি মৰমেৰে উপচাই দিছিল।
মোৰ গোটেই গাটো ফুলেৰে ঢাক খাই পৰিছিল।
তোমাৰ মনত আছে নে দেউতা
শুভ্ৰ শেৱালিয়ে যে-মোক আকোৱালি লবলৈ দলিচা পাৰি দিছিল।
কি যে এক মাদকতা,কি যে মিঠা মিঠা এক অনুভূতিয়ে চুই গৈছিল।
কিমান যে মধুৰ আছিল সেই ক্ষণবোৰ
তোমাৰ সৈত ওমলা সেই ক্ষণবোৰ।
দেউতা
তোমালৈ আজি বৰকৈ মনত পৰিছে অ।
- Mousumi Deka-
অভিমানী চহৰত,
---কেতিয়াবা শব্দই চিঞৰে---!
নষ্ট কবিতা হোৱাৰ বেদনাত।।-
দুদিনীয়া জীৱনত
আমি এদিন মৰিবলৈ
কিমানদিন যে
জীয়াই থাকিব লাগে...!!-
নৈ খনৰ গৰাহত
সি সিদিনা অকলে থিয় হৈ আছিল
মূৰৰ ওপৰে উৰি গৈছিল_
বিষাদ মিহলি ধূলিৰ বতাহ
উশাহে নিচিনা আন শৰীৰৰ গোন্ধ_
চৈ বান্ধি বান্ধি নাৱৰীয়াই গাইছিল :-
"এই জীউ জীৱৰ কেঁকুৰিত উৰো উৰো"
"তোৰ বুকুতে বিধাতাৰ বুকু দুৰু দুৰু"
"এই পানীকে মই সাৱতি মৰো মৰো"
"এই জীউ জীৱৰ কেঁকুৰিত উৰো উৰো"-
ছাঁয়াবৃক্ষ আমি
তেওঁৰ সান্নিধ্যত শুৱনি আমি
আমাৰ কোলাতেই অংকুৰিত ভৱিষ্যতৰ বীজ...
সৃষ্টিৰ পথাৰ শুৱনি কৰি ৷
জীৱন মন্ত্ৰ সুন্দৰতাৰ ধৈৰ্য্য আৰু সহনশীলতাৰ
ত্যাগৰ পঘাৰে বান্ধি থোৱা হৃদয়ত
আমিও হ’ব বিচাৰো স্বতন্ত্ৰ প্ৰহৰী..
অন্ধকাৰৰ পৃথিৱী নেওচি আহা আকোঁৱালি লওঁ মমতাৰ সাৰথি
কাৰণ----
"ভাগ্যৰে তুমি পুৰুষ আৰু সৌভাগ্যৰে আমি নাৰী"
-
সেমেকা বতাহে
জ্বলি ৰোৱা ৰঙা অগনী
জুৰায় ...
তোৰে কথা লৈ আনে যে ভাহি
কপা কপা হিয়া মোৰ
জানো মই ছবি তোৰ আছে জীয়াই .... যেন
সিৰে সিৰে মোৰে তই নিশেষ পৃথিৱী
কিয় শুনো মই
ৰিণিকী বৈ আহা তোৰ মাত
হেঁৰুৱা সপোনৰ অস্ত
শেষ হোৱা বাট...
মন যদি যায় মায়া তোৰ
মোৰ কৰি আহিবি উভতি
অশ্ৰু বুকুত উতলি আছে
স্মৃতিৰে হাঁহি
সুখৰে সমাধি কাষতে আছে ....-