তুমি শিল্পী আমাৰ প্ৰাণৰ
ৰং দিলা আকাশৰ
সেউজীয়া কৰিলা মন
জীৱনৰ হেপাহবোৰক
পাখি দিলা উৰিবলৈ
আঁকি দিলা উকা কেনভাচত
আমাৰ ৰঙীন সপোনবোৰক
আৰু আজি কি বিছাৰিম
তোমাৰ চৰণত
থাকে যেন তোমাৰ আশীষ
সদায় আমাৰ শিৰত।
তুমি মহান!
তোমাক কৰোঁ শত কৌটি প্ৰণাম!!
হে শিল্পী!
তোমাৰ জয়গান আজি
প্ৰতিখন হৃদয়ৰ বাটে বাটে।।
তুমি হোৱা অসমৰ
তুমি হোৱা বিশ্বৰ
তুমি শিল্পী আমাৰ প্ৰাণৰ!!-
আজিকালি কেঁকুৰিটোত মানুহৰ আগমন নঘটে
অসূর্যাম্পষ্যা দূৰ্গন্ধয়ো পদাংকৰ সন্ধান বিচাৰি ফুৰে;
ধোঁৱাবোৰো সেই নাৰীৰ আঁচলৰ ফাকে ফাকে নিৰ্ভয়ে উৰে
কিন্তু এতিয়া গলিত যে নিদাৰুনতাই মৌন ব্ৰত কৰে।।
-
তেঁও এতিয়া প্রাপ্তি
অপ্রাপ্তিৰ দোমোজাত;
বাস্তৱায়িত কাৰণত ঈশ্বৰক থিয়
কৰাব খোজে আচামীৰ কাঠ-গৰাত।।-
"শূন্যতাৰ ভাৰত জাহ গ'লো অ' মই.... "
এই মমডাল দেখিছানে?... গলি গলি শেষ হ'বৰ হ'ল... ;বলা এন্ধাৰতে বহো।
মোৰ বুকুত বহুদিনৰ পৰা উমি উমি জ্বলা
জুইকুৰা দেখিছানে?.....
কিমান সহিবা আৰু......!
বলা মৃত্যুৰ ক্ষণকে গনো...।।
-
হেৰাই গ'ল ! এটি উজ্জ্বল নক্ষত্র
বৰ দুখ লাগিছিল সেইদিনা !
আমাৰ শ্ৰদ্ধাৰ হোমেন বৰগোহাঞি ডাঙৰীয়া
আমাৰ পৰা হেৰাই যোৱাৰ দিনা ...
অপ্ৰত্যাশিতভাৱে শুনিলো
তেওঁৰ মৃত্যুৰ শোকবাণী ;
বিশ্বাসেই হোৱা নাছিল
বাতৰিত কোৱা শুনি ।
কিয় বাৰু উজ্জ্বল নক্ষত্র এটি
আমাৰ মাজৰ পৰা হেৰাই গ'ল ?
এতিয়া তেওঁলৈ মনত পৰিলে
অসমবাসী শোকত ম্ৰিয়মান হৈ পৰে অ' !
অতি ৰসাল , তত্ত্বগধূৰ মনৰ
সাহিত্য জগত চহকী কৰা ব্যক্তিজন !
হেৰাই গ'ল চিৰদিনৰ বাবে
আমি ক'ব নোৱাৰাকৈ ।
এতিয়াও 'বাৰ-ওঠৰ'খন দেখিলে
মনত পৰে তেওঁলৈ .....
- Barasha moni Devi-
শালিকী পুৱাতে উঠি
সুৰুজৰ সোণোৱালী
কিৰণ দেখি
মনলৈ আহে
তোমাৰেই প্ৰতিচ্ছবি।
বুকুৰ উশাহ
হিম হৈ থাকে
কিজানি তোমাতেই মন
গলিব পাৰে ।।-
তুমি হৃদয়ৰ অনুভৱী সত্বা
তুমি আশাৰ পৰিধিৰ সৌপাৰে থকা পোহৰ দীপ্ত
তুমিয়েই প্রিয় মদাৰপাহৰ বাবে উচৰ্গিত যৌৱন সান্নিধ্য।-
কফিনৰ কাষত কাৰোবাৰ কৰুণ কামনা
য'ত যৌৱনৰ যজ্ঞ যৌৱনৰেই যাতনা,
অনামৰ অন্তত অক্ষিৰ অজস্র অশ্ৰুকণা
জুৰুলা জীৱনৰ জটিল জৰিমনা।। ™-
✍️বিষাদ✍️
জীৱনত কাৰ নাই বিষাদ ,
সকলোৰে আছে সৰু বৰ বিষাদ ...
কাৰোবাৰ এসাজ খোৱাৰ বেদনা ,
কাৰোবাৰ আপোনজনক হেৰুৱাৰ বেদনা ,
কাৰোবাৰ আকৌ সকলো থাকিও
অলপ মৰম পোৱাৰ আশাৰ বেদনা ...
কিন্তু ইমানৰ পিছতো
দুখৰ মাজতো সুখ বিচাৰি
আছোঁ তোমালৈ দুহাত মেলি !
জীয়াই আছোঁ হেঁপাহেৰে
কিবা পোৱাৰ আশাৰে ...
-
▪যান্ত্রিক▪
কাল বক্ষত কোঙা উৰুখা পঁজা..
বিগলিত স্মৃতিৰ দাবানল..!
ৰৌদ্ৰসিক্ত অশুভ্ৰ মম...
টোপাল টোপাল....!
ছিন্ন হিয়াচেকুঁৰা ওখহি
সিক্ত দুনয়ন...!
কুব্জ দেহাংগ......!
ধূসৰ.....
নীলা পাহাৰ..
সেউজ পদূলি...।
ধান ফুলৰ বিননি.....।।
-