মোৰ অবৈধতাৰ তেজাল কলমত
বৰ্ষণমূখী এক নিৰ্জনতা,
অপৰাধৰ ফোপোলা ৰঙ্গমঞ্চত
ধমনীৰে পাৰ হোৱা হেজাৰ ৰমণীয় নিশা!
চহৰৰ নিয়ন লাইটৰ পোহৰ
আৰু তোমাৰ জীপাল ওঁঠৰ লটিকা,
আজি আকৌ পতিতা হ’ল
মোৰ দিনলিপিৰ দুটামান পৃষ্ঠা!!📖-
মৰমবোৰ অপৰাধ যেন লগা জোনহীন নিশা
তাৰ অভিভূত চাৱনিয়ে
ভাঁজে ভাঁজে আঁকি গৈছিল
কবিতাৰ নিৰবধি নিজৰা!
শিহৰিত নিশাহৰ দলিচাত
পুৰণা এৰি চাদৰখনৰ কোমল পৰশ
আৰু মলমলীয়া গোন্ধ!
তৃষ্ণাতুৰ হৃদয় খনে আতুৰ কৰি
চুমি গৈছিল নিশাটোৰ বুকু
আৰু অনামী চৰাইজনীৰ ৰৈ ৰৈ বিননিত
আছিল প্ৰনয়ৰ লুনীয়া স্বাদ !!-
#বিভ্ৰান্ত
ময়েই নেকি তোমাৰ পতনৰ কাৰণ?
নাই, কোনো কথা নাই
উত্থান পতনৰ বিচিত্ৰ ৰহনে
হৃদয়বোৰ কৰে সাগৰৰ দৰে গভীৰ চঞ্চল
অপ্ৰত্যাশিত নিলীম !
শামুকৰ কোমল বুকুৰ বেদনাবোৰ
মুকুতা হোৱাৰ দিনা
মইয়ো পৰি ৰ’ম তোমাৰ সাগৰ তলিত
⚪মুকুতা হৈ ⚪
তোমাৰ উত্থানৰ এটি স্নিগ্ধ
✨জিলমিলিয়া আবেশ হৈ ৷✨-
শব্দ সন্ধানত
আথাই সাগৰত হাবুডুবু খাই
বিচাৰোঁ সেই সঠিক শব্দৰ প্ৰাপ্তি!
অনুভৱৰ সেই সঠিক মাপ
য’ত ভালপোৱাৰ তীব্ৰতাই ধুমুহাৰ সৃষ্টি কৰে
য’ত দুখ আৰু সুখৰ মিশ্ৰিত অনুভূতিবোৰে
গঢ়ে জোৱাৰ ভেটাৰ এক অপ্ৰত্যাশিত আবেশ!
শব্দ সন্ধানৰ সিপাৰে পালো
প্ৰতিটো শব্দৰ সৃষ্টিৰ আঁৰত থকা
আবেগৰ পাৰভঙা এক মহান ইতিহাস !
প্ৰকাশৰ অলেখ প্ৰত্যাশাই
যেতিয়া হিলদল ভাঙে
জন্ম হয় এটি নতুন শব্দৰ !-
🌾🌾🌾
সোনগুটি চপাই লখিমী আদৰি
অনা উত্তৰায়ণ সুৰুজে যিদৰে
পোহৰৰ আশাবোৰ দীঘলীয়া
কৰি আনে,সেইদৰে ভোগালীৰ
সুৰুজে সকলোৰে জীৱনলৈ
সুখৰ অমীয়া কঢ়িয়াই আনক!
সকলোলৈকে মাঘবিহুৰ
শুভেচ্ছা থাকিল!🌾🌾🌾-
কৰোবাৰ সংগই জানো নিঃসঙ্গতাক দূৰ কৰিব পাৰে?
হৃদয়ৰ কোনোবা এটা কোনত আমি সকলোবোৰ নিঃসঙ্গ!-
মই এই ধৰণী এৰি গুছি যোৱাৰ দিনা
মোৰ এটা অংশ জীয়াই থাকিব
তোমাত !!
মা আৰু সন্তান-
পখিলাৰ পাখি পিন্ধি
উৰি যাম মই,
চিত্ৰলেখা হৈ,
সুদূৰ দিগন্তৰ,
সেই অজান দেশলৈ !
মোৰে সৈতে যাবানে
ৰং বুতলিবলৈ ?!-
When I was young
I'd listen to the radio
Waitin' for my favorite songs
When they played
I'd sing along,
it made me smile
Those were such
happy times
and not so long ago…-
তোমাৰ ওঁঠৰ বুলনীত
গুলপীয়া হ'ল পূৱাৰ ৰ’দালি
তোমাৰ খোজৰ পৰশ
মোৰ নিয়ৰসৰা পদূলিত!
মোৰ ভিজা চুলিৰ আঁৰত
তোমাৰ উশাহৰ দোলনি!
বৰদৈচিলা জনী বুকুত নাচি
দি গ’ল বসন্তৰ আগমনৰ বাতৰি!-