তোমাৰ বিয়োগত
পাৰ ভাঙি আহে
মোৰ আইৰ নিৰ্মল অশ্ৰুধাৰী,
হাঁহিৰ বিননিৰে ভাও ধৰি ধৰি
পৰিছো ভাগৰি
অশ্ৰুধাৰী বৈ নিগৰি নিগৰি,
পিতাই আজিও যায় কমাৰশালত
আঘোনৰ সোণালী ধাননি
কাঁচি খনৰ দাও ধাৰ কৰি আনি
পুৱতি নিশাতে ওলাই পথাৰ লৈ বুলি
তথাপিও
তোমাৰ বিয়োগৰ শোকত
পাৰ ভাঙি আহে
আজিও
মোৰ আইৰ নিৰ্মল অশ্ৰুধাৰী।
-
সেউজ আকাশৰ নীলিমা স্বপ্ন তুমি
হিমযেন মলয়া বুকুৰ,
নন্দনবনত ফুলা কুসুমৰ কলিযেন
উৰ্বশীৰ জেউতি চকুত ।
স্নিগ্ধ হৃদয়ৰ সোণোৱালী ছবি যেন
ইন্দ্ৰধনু মোৰ আপোন,
পলাশত ফুটি উঠা এটুপাল মৌ যেন
উন্মনা ৰূপহী তৰুণ ।
অগ্নিৰ শিখা যেন সৃষ্টিৰ ভাষা তুমি
প্ৰগতিত আমাৰ সপোন,
ক্লেশৰ অন্ত কৰি গোলাপৰ পৰশেৰে
যুগজিতা এই বান্ধোন ।-
চাল্লা...মই বেইমানী প্রেমিকা
তোৰ শুভ্রতাৰ প্রেমত পৰা
মাতাল প্রেমৰ নায়িকা।।
মোৰ সূলভ মূল্যৰ হৃদয়খনক
বেচি চাবি নেকি তোৰ প্রেমৰ পঁজা
তুলা চালনীত জুখি চাম
কাৰ প্রেমৰ কিমান ওজস্বিতা।।
তোৰ প্রেমৰ ভৰত
আজিও ডুবিব মোৰ
হৃদয়ৰ এটা পাল্লা।
আই শপত
যদি তোৰ প্রেমৰ বিনিময় কৰ'
তোৰ শূণ্যতাৰ লগত বিনিময় কৰিম
মোৰ সমগ্ৰতা।
-
(কিহৰ ৰাগীত মাতাল কিতাপৰ পৰা)
বাণীকান্ত লহকৰ
বেৰ
ঘৰৰ দৰে মনটো বেৰ থাকে
পাঠশালাৰ বেৰখন আটোম টোকাৰি
গোবৰ মাটিৰে লেপি
কোনে দিছিল ভঙা কাঁচৰ টুকুৰা সোমাই
সঘনে সকিয়নি
হাত ভৰি কটা
সকলো ৰাস্তা বন্ধ হ'ব বুলি
সেইখন বেৰ পাৰ হ'বলৈ
আজিও সাহস কৰা নাই
অলপ ডাঙৰ হওঁতে
গম পালো আন এখন বেৰ
যাৰ আবৰ্ত্তৰ ভিতৰত আমি
মেজ চকীবোৰ পাৰিব নোৱাৰি
একেলগে ।
** গোটেই কবিতাটো কেপচনত পঢ়ক **
-
হৃদয়ৰ এক কোনত থকা
পুৰণি কথাবোৰ..
আকৌ এবাৰ সজীৱ হৈ উঠিল
নিবিচৰা এক সপোন
জীৱনৰ বাট আগুৰি ধৰিল
পোহৰৰ বাবে হাবাথুৰি খাই
এন্ধাৰ নামি আহিল
নিস্তদ্ধে থকা মৰমবোৰ
আকৌ এবাৰ গজি উঠিল
পাহৰিব নোৱাৰা এক স্মৃতিৰ মাজত
যেন সকলো হেৰাবলৈ ধৰিছো |-
तेरे लबों पे लंबी हँसी बन के सजता है,
वही जो इक मुस्कान को तरसता है꫰-
সলনি হৈছে তোমাৰ প্ৰতিদিনৰ অভ্যাস
এই যে অভিমানবোৰ নকৰা হৈছা মোৰ সমুখত
দিনটোৰ কৰ্মব্যস্ততাৰ খতিয়ান খন নিদিয়া হৈছা আজিকালি
আগৰ দৰে দাবীবোৰ নোহোৱা হৈছে মোৰ প্ৰতি, মোকো জানো প্ৰশ্ন কৰা ক’ত আছিলা অতদেৰি ?? শুধা জানো ভালে আছানে বুলি ? ব্যস্ত তুমি ,ব্যস্ত সকলো
ক’ৰবাত সলনি হৈছে তোমাৰ মন,
সলনি হৈছে তোমাৰ ভালপোৱাৰ পণ
তথাপি মই একেই আছো,
জীয়াই আছো তোমাৰ বাবে আমৰণ-
অভিমানী চহৰত,
---কেতিয়াবা শব্দই চিঞৰে---!
নষ্ট কবিতা হোৱাৰ বেদনাত।।-
আজি কবিতাৰ সৈতে
বিৰাট আল্লাপ কৰিলো,
কবিতাই ক'লে,
"তই মোৰ প্রেমত পৰিছ নে
তোৰ ভগ্ন হৃদয়ক সান্তনা দিছ? "
উওৰত একো নকলো__।।
কবিতাই শুধিলে,
"শব্দবোৰ লৈ কিহৰ প্ৰতিবাদ কৰিছ?
প্রাপ্যৰ প্ৰশান্তিৰ বাবে নে?
হেৰুৱাৰ অশান্তিৰ বাবে__।।
কাৰ নামত বাৰে বাৰে
পংকীলতাই বেৰিছ হৃদয়ৰ দুৱাৰ,,
জীৱন্তবোৰক ফাঁচিকাঠত উলমাইছ
নে অগস্তি হৃদয়ৰ শ্ৰাদ্ধ পাতিছ? "
দুয়ো মৌন হ'লো__!!
উওৰত আকৌ লিখিলোএটি
নষ্ট কবিতা,
পৰিচয় যাৰ ভ্রষ্টতা।।-