ৰুগ্নতাৰ স্বাক্ষৰত
নিস্তব্ধ ভাৱনাই মোক
বিষাদৰ চোলা পিন্ধাই দিয়ে...।
নীৰৱ নিশাৰ শিতানত
লোতকৰ বৰষুণ
আধৰুৱা স্বপ্নত
যন্ত্ৰনাৰ বিহ পানত
আন্ধাৰৰ গভীৰতাত এটি মনে
আশাবোৰত কবৰ দিয়ে..।
- প্ৰজ্ঞা সন্ধানী প্ৰিয়া 💕
-
তুমি নিজেকে
নিসংগ বুলি ভাবিচা নেকি?
মনত পেলোৱাচোন, শৈশবতে এৰি থৈ অহা
বালি ঘৰৰ খেলখন,
এবাৰত গঢ় নোলোৱা বালি ঘৰটো নাভাগৰাকৈ
বাৰে বাৰে সাঁজো আমি!!
তোমাৰ অপ্ৰকাশ্য নিজস্ব সৃষ্টিশীলতা বোৰক
ঠন ধৰি উঠিবলৈ দিয়া,,
কিজানি অপেক্ষাকৃত সময়ে
নিজক ভাল পাবলৈ শিকাই দিয়ে!
আৰু
তোমাৰ মাজত গোপনে গঢ় লোৱা
নিসংগতাৰ কিজানি অপমৃত্যু ঘটেই...
-
মোৰ নিসংগতাই মোক বাৰে বাৰে সোঁৱৰাই..
এচমকা কলা ডাৱৰ
এটা মৃত্যুহীন কবিতা
আৰু এই অজ্ঞাত প্ৰেমিকাৰ
হিয়াভৰা অব্যক্ত বেদনা....
-
☆কান্ধ☆
নিসংগতাত ডুব যোৱা কোনোবাজনৰ বাবে
মই এখন কান্ধ হ'ব বিচাৰোঁ।
ঠিক দেউতাৰ কান্ধখনৰ দৰে__
ধানৰ ডাঙৰিটোৰ পৰা মহাজনৰ শোষণলৈকে
সকলো ভৰ সহ্য কৰিব পৰা!!
___কি পূৰ্ণিমা কি অমাৱস্যা___
তেওঁ কান্ধখনত মূৰ পেলাই কৈ যাব
সাধুকথা যেন লগা একোটা জীয়া কাহিনী!
আৰু মই, নিৰৱ হৈ শুনি যাম।
বিষাদবোৰ ধুই নিব পৰাকৈ
তেওঁ দুচকুৰে এজাক বৰ্ষা নমাব!
আৰু মই, মোৰ মুষ্টিত তেওঁৰ হাতখন সাঙুৰি ল'ম।।-
নিসংগতা মানুহৰ বাবে অভিশাপ
আৰু সেই অভিশাপ মোৰ বাবে আজি অভিপ্ৰায়....-
নিসংগতা
কিয় বাৰু তোমাৰ অবৰ্তমানত
নিসংগতাৰ কোলাহল
অথচ মই নিসংগ নহয়....
কিয় বাৰু মই অবাধ্য
তোমাৰ অবৰ্তমানতো
বৰ্তমানৰ ছায়ামুৰ্ত্তি।-
সময় যদি তাকৰ ...
এই হৃদয়ক অপূৰ্ণ হৈয়ে ৰব দিয়া....
নিসংগতাৰো যে এক স্বকীয় সোৱাদ আছে...
কিন্তু ...!!!
বিচিন্ন হৃদয়ৰ অন্ধকাৰ চিৎকাৰ..
এইয়া যে এক অবৰ্ণনীয় দুৰ্যোগ ......
অসুলভৰ সময়ৰ দোহাৰে ...
নিৰস এই হৃদয়ক জীয়া
শ্মশানযাত্রা উপভোগ নকৰাবা....
-
নিসংগ কোলাহলত বাহ সঁজা
অ’ মোৰ পূৰ্ণিমাৰ এন্ধাৰ……
“___প্ৰহেলিকাময় প্ৰাপ্তিত উন্মত্ত মই___”
আৱেগ-বিহ্বল উশাহত জড়তা
আৰু নিসিঁচিবা ! নালাগে !
“___এই নিস্তৰঙ্গ হৃদয়েও পূৰ্ণত্ব বিচাৰে___”-
মাটিৰ বুকুত থাকি আকাশখনৰ সপোন জানো দেখিব নোৱাৰি...!
নিসংগতাৰ বাবে এতিয়া আৰু মানৱাৰণ্যৰ হাবিয়াস নাই
কলমটোৱে যে ৰিণিকি ৰিণিকি মাতি থাকে...
বোজাটোক দেখোঁ দুহাতেৰেই ধৰি ৰাখিব পাৰি
চাৰি হাতৰ মধুৰ বন্ধনো যে দুৰূহ...!
ৰঙীয়াল মুখাবোৰেও বৰ আমনি কৰে এতিয়া
নিৰ্লিপ্ততাৰ শীতল পঁজাটি কিন্তু ভীষণ শান্তিময়
ৰং বিহীন পদূলিয়ে নীলিমতাকেই বিচাৰে,
বিশাল আকাশক চুমিবলৈ...-