সংগীতা ডেকা   (সংগীতা)
1.6k Followers · 1.1k Following

read more
Joined 25 August 2019


read more
Joined 25 August 2019
26 SEP 2022 AT 20:08

সুবাস ক'ত ৰৈ যায়..?
কোনে জানে।
প্ৰতিটো কথা সামৰাৰ যি চেষ্টা,
তাতেইটো হৃদয়খন চহকী হৈ উঠে।।

-



এতিয়া শব্দবোৰেই তুমি ,
সেয়েতু তুমি তুমি ল'গা প্ৰতিটো শব্দকেই জীৱনে সামৰিবলৈ ধৰে
বৰ্ণহীন উকা পৃষ্ঠাত,
কাৰণ,,
তুমিবিহীনতাত এই সময়েই আধৰুৱা।। — % &

-


16 JAN 2022 AT 13:29

এক সেউজৰ অৱলোকনত ধৰা দিয়ে,
এটি নৈপৰীয়া গান।
যি গানত থাকে উশাহৰ সাধুকথা,
শ্যামলী শব্দৰে আৱৰা।
এমুঠি সবুজতাৰ শাশ্বতিক আত্মকথাৰে,
এজাক পোহৰ অন্বেষীৰ জীৱনযাত্ৰা।।

সেই সুন্দৰৰ ঠিকনাত ৰ'দ লোৱা উশাহত,
এমুঠি প্ৰাৰ্থনাৰ সুখ সৰে,
সেউজত প্ৰতিভাত হোৱা কথা কবিতাৰ দৰেই।
যিয়ে লৈ থাকে এবুকু সেউজী হেঁপাহ,
এবুকু প্ৰত্যাশিত উশাহ...,
যাক আকাশেও সামৰিব জানে।

সপোনৰ আখৰৰেৰে প্ৰাপ্তিৰ দিনলিপিত,
আঁৰি দিবলৈ গতানুগতিক সমিধান।
প্ৰতিক্ষণে উৰি থাকে জ্ঞানৰ জ্যোতিৰ হেপেহুৱা গান।
যি গান,
অব্যৰ্থ বহু কথাৰ,
"নাহৰ" এটি চিৰপ্ৰিয় সত্বাক ভালপোৱাৰ।।

-


26 DEC 2021 AT 18:14

কথাবোৰ কবিতা হ'বলৈ,
প্ৰতি খোজৰ অনুভৱৰ সৈতে
হাতৰ মুঠিত এমুঠি সন্ধানহীন কাহিনী।

যাৰ হয়তো কোনো আদিয়েই নাছিল..!
আত্মানুসন্ধানৰ ৰ'দত ছাই হোৱা
প্ৰত্যাশিত পুৱাটিৰ স'তে কৰা
এক সাক্ষাৎকাৰৰ শেষত,
ই মাথোঁ হৈ পৰিছিল------

'এখিলা শুভ্ৰাবেশী পৃষ্ঠাক'
চিয়াঁহীৰে বোলাই দিয়াৰ অপৰিকল্পিত আধাৰশিলা।

-


10 OCT 2021 AT 11:37

নদীৰ বুকুত শুই থাকে,
এখনি জীয়া নীলা চাদৰ ।
জনশ্ৰুতিৰ কেইবাটাও সাধুকথা সামৰি,
উপঙি থাকে তাতেই সুষমা পিন্ধা লুইতৰ সুশীতল লহৰ।

সোঁতৰ কাহিনীবোৰ এনেকুৱাই!
ইয়াতেই মই শুনা পাওঁ,
জীৱনে কাহানিও নুশুনা
সেই শব্দই ঢৌ খেলা দিনৰেই গান।
দেখা পাওঁ আবেগৰ ৰ'দালি বাকি উলটি যোৱা
বেলিটিৰ পিঠিত শকতিৰ অযুত স্বাভিমান,
মোৰ নাইবা আপোনাৰ।।

অ' নৈ---------
তোৰ কথাৰ কথা মইহে বুজোঁ...!
মোকে দি যা,
তোৰ শেষত শেষ হোৱাৰ ঠিকনা।
শুনিব বিচাৰোঁ মই,
এই ঊষৰ চাপৰিৰ বুকুত ৰ'দ লৈ জী উঠা
সপোনবোৰৰ এতিয়া কিমান দাম,
ভাললগা নাইবা ভালপোৱাৰ।।

-


15 AUG 2021 AT 10:20

স্বাধীনতাৰ গান
。。。。。。。。。。。。。。。。。。。。
এজাক ৰ'দৰ দিনৰ মানুহৰ কথাৰে আৰম্ভ হয়,
দিনলিপিৰ পৃষ্ঠাক খামুচি ধৰা--
তেজৰ ৰঙবোৰৰ ৰূপকথাত,
ঔপনিৱেশিকতাৰ পাকচক্ৰত ঢলি পৰা
স্বাধীনতাৰ প্ৰাচীৰখনৰ গাথা।

ৰৈ নোযোৱা সময়ৰ ডাঠ পংকিলতাত
সেইয়া যেন 'কঙাল সময়' ।
হাতৰ মুঠিৰে সৰি স্বতন্ত্ৰতা বৈ গ'ল,
ঔপনিৱেশিক শাসকৰ চতুৰালিত
ক্ৰমে স্বাধীনতা ভূলুন্ঠিত হৈ ৰ'ল ।

(সম্পূৰ্ণকৈ কেপচনত)

-


20 JUL 2021 AT 17:19

তৰাফুলা নগৰৰ সুউচ্চ কাৰেংত
সেউজৰ ব্যাকুল প্ৰত্যাশাত উৰে এখনি সুখৰ চাদৰ।

অৱশ্যে মই শুনা নাই কাহানিও,
এই চহৰৰ তেজলগা ছবিৰ বুকত শুই পৰা হেঁটুলুকাজনীৰ মাত কিম্বা
ৰঙৰ অন্তঃগহ্বৰত পৰি থকা বিষাদৰ সংলাপ।

ম্যাদ উকলা সুৰবোৰ শুনি শুনিয়েই যিহেতু ,
চলি যায় মোৰ পৃথিৱীত ------
মই জী থকাৰ আখৰা।
অনুদ্দেশ হোৱা শব্দৰ শোকতো নাই,
হৃদয়ৰ অকণো বিলাপ।

অসুখৰ দিনবোৰৰ ৰ'দৰ উমত এনেও
উশাহেও ৰঙ হেৰুৱায়।
ৰঙিয়াল আখৰৰ দিনলিপিৰ মাজত সেইয়াই এক শুভ্ৰতাৰ উপনাম !
তথাকথিত সুখৰ নক্ষত্ৰই হাঁহি থকা
এই কেকুৰিৰ অগম্য হাউলিত
নচলেহেনোঁ বেজাৰৰো কোনো দৰ - দাম।।

-



এজাক ৰ'দৰ বুকুত শত কাহিনী উৰুৱাই দিলে ,
নিৰ্জনতাই কোবোৱা সময়ৰ পৃষ্ঠাত ফুলি উঠে ---
ক্ৰমে শব্দৰ শ্ৰুতলিপি।।

আখৰে আখৰে কথা ক'লে---
মেঘমালাও খহি পৰে,
বৈ আহে অনুভৱৰ নীলিম ঢৌ-----
যেন এখনি ব্যগ্ৰ সৰিৎয়ে উটুৱাই অনা হৃদয়ৰ চেঁচা কবিতাৰ প্ৰতিলিপি।

ৰৌদ্ৰৰ চোলাটি পিন্ধিলে,
হয়তো সুখে সাৰ পায়...!
প্ৰতিভাত হয় বহু যুজন উশাহ ,
মহীৰ প্ৰতিটো টোপালত উৰি ফুৰা ৰ'দালিজনীৰ হাঁহিত।
সেই হাঁহি অনন্য-------
যেন এটি ভিঁজা আবেলিত ৰামধেনুৰ স্পষ্ট ছবি।
***** **** **** *** **
''এই শাব্দিক সপোনৰ অন্বেষণতেই যেন,
কবিজনাৰ সংগ্ৰামী জীৱনযাত্ৰা।"

কোনো শেষে শেষ কৰিব নোৱাৰা
তেওঁ চিৰজাজ্বল্যমান অংশুমালা----
শবদৰ কাননৰ "সুগন্ধি পখিলা"....।

-


28 JUN 2021 AT 18:22

শুকান আবেলিত এমুঠি 'তেজাল গান',
এই ৰঙচুৱা দিনবোৰৰ শেষতো---
মই যেন ক'ৰবাত শুনা পাওঁ।

এইবোৰ "নৈমিত্তিক চেতনাত সাৰ পাই উঠা"
বহুল সুখৰ গান কিম্বা
কোনোবা দুখ নিচিনা সদাগৰৰ কোমল তান।।🖤

হয়তো.......!
কাৰোবাৰ হৃদয়ৰ পুনৰ বিন্যাসত আৱিস্কৃত হয়-----
"সৃষ্টিৰ এখনি সুন্দৰতম চোতালৰ খতিয়ান"।

-


26 JUN 2021 AT 16:35

সুখৰ হালধীয়াত ডুব যোৱা বেলিটিয়ে,
এবাৰ মোক কৈছিল...!
"নীলাৰ মাজত হেৰাই যোৱা
সুদূৰৰ বৰ্ষীয়ান সাধুকথাবোৰৰ কথা"।

ইমান ৰঙীয়াল নাছিল সেই কাহিনীবোৰ...!

অথচ, সেইবোৰৰ হেঁপাহতে
ডাৱৰৰ বুকুত আঁকি দিব পৰিছিল হেনো,
সেউজৰ গান কিম্বা প্ৰেমৰ সুশীতল কথা কবিতা।

-


Fetching সংগীতা ডেকা Quotes