....এই যে তোমাৰ চকুযুৰি
তাতেইতো প্ৰথমে পোখা মেলিছিল
হেঙুলবুলীয়া এটি সপোন.....
....আৰু সেই যে তোমাৰ
হাঁহিৰ সোণাৰুবুলীয়া পাহিবোৰ
তাতেই পাখি গজিছিল এটি হেপাঁহৰ
ৰঙা জিঞা এটি হৈ.... !!!
....মৰমবোৰ লাহে লাহে নামিছিল
চকুৰ পৰা বুকুলৈ
এখন নদীৰ সোঁতেৰে....
ৰামধেনুৰ ৰংবোৰ পাখিত বান্ধি উৰিছিল
হেপাঁহৰ ৰঙা জিঞাটি
সংগোপনে বুকুৰ পৰা বুকুলৈ.....
হৃদয় পুষ্পবনত এতিয়া যে
ভাললগাবোৰ ভালপোৱা হৈ ফুলিছে
তুমি নামৰ এপাহি ফুল হৈ..... !!!
- ✍️ প্ৰিয়াংকু ।
23 AUG 2019 AT 17:34