এটি কবিতা হোৱা তুমি...
জীৱনৰে গান,
মৰমত...
অভিমানে
তোমাৰ চকুত
মোৰ হৃদয়ৰ...;
জিলিকি উঠক দাপোন
থমকি ৰওক সপোন
ভাল লগা কথাতেই
ভালপোৱাৰ গান।-
জীৱন বিশেষ কথাৰ নাই শেষ
শেষ নাই সপোনৰ,
আপুনি বিশেষ নহয়?
ভাললগা হাতখন খামুচি
সবিশেষ হওক
ভালপোৱা হৃদয়ৰ।-
জোন যেন জোনাকী
সপোনেৰে সাবটি,
হৃদয়ৰ হাঁহি
মৰমেৰে আকোঁৱালি ল'ম।
তুমি মোৰ বুলি
জানিব খোজোঁতেই স্মৃতিৰ বোকোচাত
বহু দিন গ'ল
এন্ধাৰ নামিল
এতিয়া ৰাতিয়েই হ'ল।-
কবিতা লিখিব পৰা হোৱা নাই
আজি কলমটো ধৰায় লৈ
বুকুৰ কথাবোৰ কওঁ,
কাইলৈ আপোনাৰ কবিতা হ'ব।
মই হওঁ বা নহওঁ...!-
আমি হেনো ডাঙৰ হৈ আহিলোঁ
সময়ৰ সোঁতত সাঁতোৰ শিকিবলৈ,
জীৱনৰ কেনভাচত সপোন আঁকিবলৈ
নুবুজাবোৰ বুজিবলৈ।
বুজি উঠিব পৰাকৈ
বোজাবোৰ বুকুত বান্ধি লৈ
কথাবোৰৰ পৰিসৰ জুখি
ভাবি চাব পৰাকৈ
আমি বহুত বেছিয়েই ডাঙৰ হলো
সময়তকৈ
আনত কৈ
কেৱল নিজক লৈ...!-
ৰেলখন দুৰন্ত গতিৰে আগবাঢ়ে
যাৰ যেনেকৈ ইচ্ছা তেনেকৈয়ে উঠে,
মত অভিমত প্ৰতি ষ্টেচনত
বহু লোকৰ সমাগম
এটি পথ
কেতিয়াবা যায় অবাটেৰে
যাৰ য'ত মন ততেই ব্যস্ত হৈ পৰে সময়
এনেদৰেই
আগবাঢ়ি গৈ আছে গৈ থাকিব
ৰেলখন...।
-
আপোনাৰ প্ৰেমত পৰিবলৈ
ক'ব লাগে এটি কথা,
বুকুত সাঁচি ৰখা
হৃদয়েৰে জুখি লোৱা
কথাটো যিয়েই নহওঁক
নাম হওঁক ভালপোৱা।-
ক্ষন্তেক আগতে মোৰ মৃত্যু হৈছিল
এতিয়া উশাহটো পায়;
পুনৰ আগবাঢ়িছো
মৃত্যুৰ মুখলৈ...!-
বহু সময় আহিল
বহু সময় গ'ল,
উৰুঙা ফাগুন উকা হৈ ৰ'ল;
কথাবোৰ শিমলু তুলাৰ দৰেই
স্মৃতি হ'ল।-
মাঘৰ পদূলি গৰকি ফাগুন আহিছে,
ভালপোৱাৰ কথা কৈ
উৰুঙা হৃদয় লৈ;
ৰঙীন জীৱনৰ এটি ৰোমাঞ্চকৰ সপোন হৈ
জীৱনৰ কথাবোৰ আশাৰে জীৱনীক ক'বলৈ।-