গধূলিৰ চিকমিক পোহৰ
নভোমণ্ডলত তৰাৰ তিৰবিৰণি
এক নীৰৱ গধূলি লগন
মানুহজন মোৰ পদূলিৰ নঙলামুখত ৰৈ আছিল
গাত এজোৰ সাধাৰণ পোছাক
দৃষ্টি কেৱল মোৰ নয়নত,
অলপো বুজা নাছিলো তেওঁৰ মৌন ভাষা
কিন্তু মোক কিবা এটা জনাব বিচাৰিছিল
সেইটো মই অনুভৱ কৰিব পাৰিছিলো
হঠাৎ দেখো তেওঁচোন নাই মোৰ সন্মুখত
ক'ত গ'ল, কেনি গ'ল
মই বিচাৰি নাপালো
মাথো..পুনৰ লগ পোৱাৰ গভীৰ আশাৰে
ৰৈ আছো ....ৰৈ থাকিম..
-Bistirna Goutam
-