উন্মনা বহাগ
কপৌ পাহিৰ আমনিয়েই লাগিল
মৰহিও যাবলৈ হ'লহি,
তোমাৰ খোপাতে সাজিব বুলিয়েই
বাট চাই আছে কত বেলি পৰা,
তোমাৰ অপেক্ষাতেই মদাৰ-শিমলু
আটাইয়ে ৰঙা হৈ পৰিছে ,
এপাহ যদি সৰি পৰিছে আনপাহ আকৌ
জী উঠিছে এটি উৎফুল্লিত হেঁপাহক
সংগ দিয়াৰ উদ্দেশ্যে,
নতুন আৰম্ভণিক হাতত ধৰি
ওমলাবৰ বাবে ,
ৰাঙলী মদাৰেও জানে যে
তাই জনী যাবৰ পৰত
কুলিৰ মিঠা মাতত
সৃষ্টিৰ আকুলতাত নামি আহিব
সতেজবসন্ত ,
ব'হাগ হৈ নাচিব ঢোলৰ চেওঁত,
সেয়েহে সুধিলো মোৰ
অভিমানী ব'হাগ,
ক'বাচোন তুমি আহিবানে ?
আকৌ জীপাল প্ৰেমৰ এক
সতেজ ব'হাগ হৈ !
মই ৰৈ থাকিম দিয়া তোমাৰ বাটতে
আদৰিম তোমাক বিহুৱানেৰে
জেতুকা ফুলীয়া দুহাতেৰে ,
সজাম তোমাক ন-ব'হাগীৰ ন-সাজেৰে ,
কাৰণ, তুমিটো মোৰ উন্মনা ব'হাগ,
সম্প্ৰীতিৰ সংমিশ্ৰিত বাৰ্তা তুমি
মোৰ উন্মাদ বহাগ তুমি ।।
-