হিমাশ্ৰী বৰা   (✍️Himpahi.)
572 Followers · 530 Following

read more
Joined 1 August 2019


read more
Joined 1 August 2019

অ' আই মাজুলী , প্ৰাণৰ পৃথিৱী
মোৰ বোলা মানুহখিনি কাষে চপাই আনা
সহি-সামৰি মই গুপুতে ৰখা
একাকিত্বৰ পৰা মুক্তি দিয়া...

-



টুকুৰা মঙহ

তেজ নে স্থিতিৰ খেদ ?
জোৰা লগাৰ আকাংক্ষাত
ব্যৱধানত ওলমে টুকুৰা মঙহ !

-



বিশ্বাস

মূৰ দোঁৱাই জপাই অনা দুচকুৰ ভংগীত
আমি মেলি দিওঁ বিশ্বাসৰ নাও
সমস্যাই বুৰাই , যন্ত্ৰণাই কোবাই
অচিনা পাৰঘাটত কোন নাৱৰীয়াৰ নামৰ সুৰে বুকু মোৰ কঁপাই ?

আমি নোৱাৰিলোঁ বুকুত হাত থৈ ক'ব
- তেজৰ নদী এদিন তৰাং হ'ব
আমি নোৱাৰিলোঁ চকুৱে চকুৱে চাব
- সত্যৰ ছায়াশ্ৰয়তহে সাহসো লব্ধ ।

বিশ্বাসৰ আদৰতে গছ হোৱাৰ মায়া জাগে
বিশ্বাসৰ আতিথ্যতে ন-বৌৰ কপালৰ ৰঙা বেলি জিলিকিছে ,
হেনাহুঁচা সংশ্লেষণৰ কেৰোণী‌য়া ফল
প্ৰত্যয় ভঙা প্ৰণয়ৰ পৰিণতিহে আচল ।
-✍️Himpahi.




-



ক'ৰবাত শুনিছিলোঁ
পাহাৰৰ‌ পৰা হেনো
চপৰা-চপৰে‌ খহে মাটি
মই হেৰুৱালোঁ
ভৰিৰ তলৰ চাৰি আঙুল ভূমি ।

-

















Himpahi

-



মোৰ আকাংক্ষাতে হ'লেও
======================
প্ৰাতঃ ভ্ৰমণত নেদেখা বেলি
দুপৰৰ আকাশত গম্ভীৰ হ'ল ।

জলক্-তপক্ চকুৰ ভাষাত
কথাৰ বকলা মেল খাই গ'ল ।

কথাৰ আঁত হেৰালেও , থাকিব কবিতাৰ ভেশত
চকু অস্বস্তিত ভুগিলেও , গুণগুণণি ভাহিব আঁৰত
মোৰ আকাংক্ষাতে হ'লেও , আলফুলে জী থাকিব সিহঁত ।





-



আৱেগবিহ্বলাৰ ছটফটনি গুপুতে পমে
টুকুৰিয়াই চালে ভুনভুননি ভাহে
আপুনি কল্পনাতে কৰুণ
আপুনি ভাৱনাতে ভৰুণ
আপুনি তেবেজা মৰা ‌বাৰ্ধক্যৰ কান্ধ হোৱা ‌তৰুণ

আজি দৰ্প-চূৰ্ণ সন্তুষ্টিৰ উপায়
নিষ্কলুষতাই প্ৰাপ্য আজুৰিলে বুকু ফিন্দাই

-✍️Himpahi.

-



গৈ আছোঁ
👣👣👣👣
ওখোৰা-মোখোৰা বাট একোটাৰে
খুপি খুপি এইখিনি পোৱাৰ সাধুটোৱে
আমাক মসৃণ পথৰ যাত্ৰী হ'বলৈ হেঁচুকি আছিল ।

উশাহে প্ৰতিনিধিত্ব কৰা স্থিতিৰ সন্ধানত
এদল মানুহে , খোজৰ ভাৰসাম্য ৰক্ষাৰ্থে
সপোন মন্ত্ৰ জপি অহোপুৰুষাৰ্থ কৰিছিল ।

কোনোবাজন ইচ্ছাৰ বিৰুদ্ধে গ'ল
কোনোবাজনৰ গন্তব্যস্থান চমুতে ৰ'ল
উচ্চাকাংক্ষা আৰু দূৰাকাংক্ষাৰ মধ্যৰ প্ৰভেদ কিন্তু স্পষ্ট নহ'ল ।

পৃথিৱীৰ শ্ৰেষ্ঠ নাৰীৰ মমতাত
দ্বিধাবোধক গাপ দি খোজ পেলাইছোঁ
শিয়ালীৰ কাণ কটা বীৰজনৰ সাহত
মণিব নোৱাৰা এন্ধাৰকো গা এৰা দিছোঁ
পোহৰ চমকোৱা বন্তিকেইগছিৰ শক্তিত
আশাবাদৰ পানীয় চুহি মই ধূসৰিত ভৱিষ্যতৰ দিশে গৈ আছোঁ ।

-✍️Himpahi.

-























@Himpahi.

-



স্থিতি

এৰা-পৰলীয়া ঘৰটোৱে নিহপালী দিব
বহুযোজন দূৰৈত একোখন মুখে গোপনে উচ্চাৰিব
'তেজ ধুলে উটে , মঙহ ধুলে নুটে'
অকৰ্মণ্যতাৰ জোকটোৱে মোৰ অতসোপা তেজ শোহে !

বাৰে ভচহু ক্ৰিয়া-কাণ্ডত মজি
পোটোকা পৰা প্ৰসন্নতা এমুঠি গালে-মুখে লেপি
নিৰন্তৰে‌ সপোন এটাই খোপনি পুতি হাঁহে
প্ৰকাৰান্তৰে মূৰ পোলোকা দিয়াৰ প্ৰৱণতা টুটে
স্বীকাৰোক্তিত কাছুটি হেৰুৱাই
'মাহৰ মাৰ দেখি তিলে বেট মেলে' ।

-✍️Himpahi.



-


Fetching হিমাশ্ৰী বৰা Quotes