কেনভাচ ...
মোক এখন আকাশ লাগে
এখন সমুদ্ৰ লাগে
মোৰ প্ৰীয়
এবুকু নীলা লাগে
যাৰ মাজতে
মই বিচাৰিব পাৰোঁ
একান্ত নিবিড় মূহুৰ্ত
যাক মই
নিঃসঙ্কুচেৰে দিব পাৰোঁ
এবুকু শ্ৰদ্ধা মৰম আৰু বিশ্বাস
যি দিব পাৰে মৌনতাৰ স্পৰ্শ
যাৰ নাম হ'ব পাৰে
অন্তহীন বা অনামি
য'ত নিজকে কৰি দিব পাৰি বিলীন ।-
22 SEP 2021 AT 5:45
1 JUL 2021 AT 12:55
#কেনভাচ
এই উশাহ বৰ গধুৰ
উশাহ লবলৈও নিষেধাজ্ঞা
মাৰ গৰ্ভৰ বাখৰুৱা দিনকেইতা...
কিন্তু
ঈশ্বৰৰ হুংকাৰ
মুখা পিন্ধি জগত জিনা...
ধনন্ত্ৰৰী যুগত
ৰুদ্ধ হব কণ্ঠ
পৃথিবীৰ অস্থিৰ মূহুর্তত
আধুনিকতা নিস্ফল
মেৰু পোনালে
হব শ্বাসৰুদ্ধ।-
25 MAR 2021 AT 12:30
অনুমতি অবিহনে..
--------------------💓
তুমি তুমি লগা
এটি মিঠা অনুভৱে
মোৰ বুকুত শিপাইছে.....
মোৰ অনুমতি অবিহনে.......।।
অচিনাকী তুমিজনৰ
অবুজ সত্বাটোৱে মইজনীৰ
উকা কেনভাচত আৱিৰ ছটিয়াইছে
মোৰ অনুমতি অবিহনে.....।।
মইজনীৰ স্বপ্নপ্ৰদেশৰ
ৰাজকুমাৰজনৰ স্থানত ৰৈ অচিনাকীজনে
মোলৈ চাই মিচিকিয়াইছে
মোৰ অনুমতি অবিহনে.......❗❗-