শীতৰ দুবৰি-
শীতৰ এই শান্ত আগমন,
ন-কৈ সলনি তোমাৰ ৰূপ;
তোমাৰ বৰণ ধৰাত আবৰে,
শীতৰ লেহুকা দুৱৰি তুমি;
আঘোণ পুৱা নিয়ৰৰ টোপ-টোপ,
চেনেহা- চেনেহি তোমাৰ বুকুত;
চিলমিল পোহৰ নোহোৱা পুৱাত,
চঞ্চল তুমি শীতলৰ দুৱৰি;
তোমাৰ পহৰা শীতলৰ ৰাতি,
অনুভৱ যেন অকলশৰীয়া তুমি;
নিয়ৰ হয় তোমাৰ লগৰী,
দীঘল ৰাতিৰ কপালী তুমি;
সেউজ ৰঙৰ তুমি অধিকাৰী,
লোক মনৰ শান্তি;
ৠতুৰ আগত নিৰ্জু আচৰণ,
শীতৰ সেমেকা দুৱৰি তুমি।
-Rohan sahariah
-