সুৱাগমণি ...
যেন বুকুৰ কলৰৱ,
প্ৰজ্বলিত আভাৰ নিনাদ গম্ভীৰ বৰ্ণালী ..
চুৰ্ণীকৃত টুকুৰা স্পন্দন,
যেন .. শেষ গভীৰ ছাঁয়া ..
এজাক বৰষুণ, এমুঠি জোনাক,
তোমাৰ কলৰৱ..
যেন বুকুৰ ধুমুহাত উচ্ছৃংখল,
পৰাণত থিতাপি লোৱা কুকুঁহা হেপাঁহ.. মই এনেকৈয়ে.. কেতিয়াবা শিল, কেতিয়াবা বহেমিয়া.. কেতিয়াবা অনাকাঙ্খিত, অচিনা অলকানন্দা..
-