এখুজি দুখুজিকৈ
থুনুক থানাক খোজ দি
ৰৌদ্ৰজ্বল পুৱাটোৱে কাঁচিৱলি ৰ'দজাক
গাত ছটিয়াই চিক্ মিকাই উঠে,
কুঁৱলী ফালি দেখা দিয়া পুৱতিৰ সপোনতো
হেৰাই যায় দিনমণিৰ পৰশত,
সেঁতা পৰি যোৱা হৃদয়খন
ফাগুনৰ ৰাঙলী ৰঙেওঁ উমাল কৰিব নোৱাৰে,
উৰুঙা ,ৰিঙা ৰিঙা মনটোৱে
হেঁপাহৰ সপোনটো খেপিয়াই
দুহাতেৰে সজোৰে মুঠিত সুমুৱাই লয়
যদি উৰুৱাই লৈ যায় ফাগুনৰ পচোৱা জাকে
এলাগী কৰি ধুনীয়া পুৱাটো।
-