QUOTES ON #YQBANDHOI

#yqbandhoi quotes

Trending | Latest
6 JUL 2019 AT 13:45

Train is moving with speed of several thousand miles ....
Giving me a window to see things
passing by ....
All are moving ...
But I'm stuck inside ....
A door is also open for "stations"....but
I forget all the "emotions" ....
Tell me where I belong ....
I'm still breathing .... Don't mind I'm still living
All I know is "breathing" .
All I know is now just breathing....

-


25 JUL 2020 AT 20:58

हाॅ तूझशे नाता मै बेशक तोड दू
पर किसी और से जोड़ पाना अब भी मुश्किल है।

-


3 MAY 2020 AT 21:10

সেউজ আকাশৰ নীলিমা স্বপ্ন তুমি
হিমযেন মলয়া বুকুৰ,
নন্দনবনত ফুলা কুসুমৰ কলিযেন
উৰ্বশীৰ জেউতি চকুত ।

স্নিগ্ধ হৃদয়ৰ সোণোৱালী ছবি যেন
ইন্দ্ৰধনু মোৰ আপোন,
পলাশত ফুটি উঠা এটুপাল মৌ যেন
উন্মনা ৰূপহী তৰুণ ।

অগ্নিৰ শিখা যেন সৃষ্টিৰ ভাষা তুমি
প্ৰগতিত আমাৰ সপোন,
ক্লেশৰ অন্ত কৰি গোলাপৰ পৰশেৰে
যুগজিতা এই বান্ধোন ।

-


21 AUG 2020 AT 12:58

অনুভৱৰ কোমল পাপৰিয়ে
বিচাৰিছে উমাল পৰশ
প্ৰেমবন্ধনৰ ....
🍂

-


7 MAY 2020 AT 16:17

কি আছে (Lilt)
ঘৰত সৃষ্টিৰ যাদুকৰী বিলাসিতা আছে, (ঘৰবন্দী একতা)
অফুৰন্ত উৎসাহ,আপোনতাৰ সুবাস আছে চন্দন গগৈ
খাদ্য সম্ভোগৰো নিজস্ব এক মাদকতাও আছে।

ঘৰত থকাৰ অবিচ্ছিন্ন ধাৰাবাহিকতাত
দৈনন্দিন জীৱনৰ এই নিৰংকুশ স্বতন্ত্ৰ্যতাত,
নিজকে এবাৰ বিচাৰি চোৱাৰ অভিলাষী মনত
শত সহস্ৰ আশা কণিকাৰো উদঘাটন ও বিৰাজিত।

ঘৰৰ অবিৰাম বিলাসত আজি উন্মনা মন
কৰ্মজীৱনৰ ব্যস্ত মুখস্থতাৰো নিৰ্বিঘ্নেই বিসৰ্জন,
জটিল পৃথিৱীৰ মোহমুক্ততাত এই আত্মস্থ প্ৰলোভন
আলস্যতাৰ প্ৰহেলিকাত নিত্য-নতুন সমস্যাৰো উদগীৰণ।

ঘৰৰ বাকৰিত নীৰৱে বহি অক্লিষ্ট চিন্তা লৈ
কোলাহল কৰে সি নীৰৱতাই ঘৰবন্দী একতা হৈ,
উকমুকনি ভাৱ ই ধৰ্ষণ,নিৰ্যাতন নিম্নগামী হোৱাক লৈ
অনুভৱেও টুকুৰিয়াই মন দাপোণত অপ্ৰদূষিত ধৰণী হৈ।

-


4 FEB 2020 AT 19:15

আকাশী তৰাৰ সিপাৰত
ৰৈ যাওঁক...
অপ্ৰাপ্তিৰ বেদনাবোৰ!
সপোনবোৰ সফল হ‌ওঁক
সেউজবুলীয়া হাঁহি দুটি আঁকি;
স্থায়ী হ‌ওঁক
মোৰ হৃদয়ত আপোনাৰ ঠিকনা,
শূন্যগৰ্ভৰ শিতানত‌,
আৱেগৰ জীয়াধলত
এইদৰেই লিখি যাম
স্বাভিমানী প্ৰেমৰ ঠিকনা।

-


31 JAN 2019 AT 1:00

চাল্লা...মই বেইমানী প্রেমিকা
তোৰ শুভ্রতাৰ প্রেমত পৰা
মাতাল প্রেমৰ নায়িকা।।
মোৰ সূলভ মূল্যৰ হৃদয়খনক
বেচি চাবি নেকি তোৰ প্রেমৰ পঁজা
তুলা চালনীত জুখি চাম
কাৰ প্রেমৰ কিমান ওজস্বিতা।।
তোৰ প্রেমৰ ভৰত
আজিও ডুবিব মোৰ
হৃদয়ৰ এটা পাল্লা।
আই শপত
যদি তোৰ প্রেমৰ বিনিময় কৰ'
তোৰ শূণ্যতাৰ লগত বিনিময় কৰিম
মোৰ সমগ্ৰতা।

-


19 SEP 2018 AT 16:55

অবুজ হৃদয়ক বুজাব পৰা নাই
তুমি যে মোৰ হৈ থকা নাই

-


10 JAN 2020 AT 14:44

সলনি হৈছে তোমাৰ প্ৰতিদিনৰ অভ্যাস
এই যে অভিমানবোৰ নকৰা হৈছা মোৰ সমুখত
দিনটোৰ কৰ্মব্যস্ততাৰ খতিয়ান খন নিদিয়া হৈছা আজিকালি
আগৰ দৰে দাবীবোৰ নোহোৱা হৈছে মোৰ প্ৰতি, মোকো জানো প্ৰশ্ন কৰা ক’ত আছিলা অতদেৰি ?? শুধা জানো ভালে আছানে বুলি ? ব্যস্ত তুমি ,ব্যস্ত সকলো
ক’ৰবাত সলনি হৈছে তোমাৰ মন,
সলনি হৈছে তোমাৰ ভালপোৱাৰ পণ
তথাপি মই একেই আছো,
জীয়াই আছো তোমাৰ বাবে আমৰণ

-


8 JAN 2020 AT 14:16



দেউতা
আজি তোমালৈ বৰকৈ মনত পৰিছে অ
আজিও মনত পৰে দেউতালৈ।
আজিও মনত পৰে শেৱালি সৰা সেই দিনবোৰলৈ।
পুৱতি নিশা দেউতাৰ হাতত ধৰি
প্ৰাতঃভ্ৰমণ কৰিবলৈ যোৱা সেই দিনবোৰলৈ।
দেউতা তুমি যে
শেৱালি জোপা জোকাৰি দিছিলা।
মই আনন্দত আত্মহাৰা হৈ ওপৰলৈ চাই আছিলো।
আলফুলীয়া শেৱালিয়ে যে ফুলৰ সুৱাস বিলাবলৈ
হেঁপাহেৰে মোৰ গালে-মুখে চুমি মৰমেৰে উপচাই দিছিল।
মোৰ গোটেই গাটো ফুলেৰে ঢাক খাই পৰিছিল।
তোমাৰ মনত আছে নে দেউতা
শুভ্ৰ শেৱালিয়ে যে-মোক আকোৱালি লবলৈ দলিচা পাৰি দিছিল।
কি যে এক মাদকতা,কি যে মিঠা মিঠা এক অনুভূতিয়ে চুই গৈছিল।
কিমান যে মধুৰ আছিল সেই ক্ষণবোৰ
তোমাৰ সৈত ওমলা সেই ক্ষণবোৰ।
দেউতা
তোমালৈ আজি বৰকৈ মনত পৰিছে অ।

- Mousumi Deka

-