तेरे इश्क़ में बेकरार रहा में
देख आज तेरे बगेर
कितना लाचार हु में ,
-
কবিতাও নিলিখোঁ , কাহিনী... read more
❤️❤️❤️❤️
সম্ভৱতঃ
আমাৰ জীৱনৰ
সেই আধা লিখা কাহিনীটি
সম্পূৰ্ণ কৰালৈ
বাট চাই আছিলোঁ ,
মোৰ শব্দৰ ব্যৱহাৰত
প্ৰশ্নবোধক নকৰিবা ,
দুখন ভগ্ন হৃদয়ৰ
উন্মাদ বেদনাক নতুন ৰূপ দিছোঁ
ইয়াক স্বাৰ্থৰাজিৰে নোজোৰাবা।
❤️❤️❤️❤️-
एक दफा मुझे
फिर तोड़ दो,
में खुदको जौरके
तुम्हारे करीब फिर आऊंगा ,
मुझे एक दफा फिर छोड़ने
के लिए तैयार रहना ,
में खुदको फिर तुम्हारी
हवाले करने आऊंगा ,
एक दफा मुझे फिर
पराया कर देना
में फिर तुम्हे अपना बनाने की
आस में खुदको भूला दूंगा ।
-
বৰষুণৰ টোপাল বোৰ
টোপ টোপ কৈ পৰিছিল
হৃদয়ৰ চেপা শব্দবোৰ ইনাই বিনাই
প্ৰকাশ পাইছিল
হেৰাই গৈছিলোঁ দুয়ো
ইজনে সিজনৰ মাজত
জিৰী জিৰিকৈ বতাহ জাকো বলিছিল
চুই পেলাইছিল দুই অৰ্ধ হৃদয়
ভাঙি পেলাইছিল দুজনৰ মাজৰ বিবাদ
প্ৰেমৰ পৃথিৱীত আমি খোজ দিছিলোঁ
ইজনে সিজনক সাবটি পেলাই ।।-
নীৰৱ হৈ থকা সেই বতাহ জাকে
ধুমুহা হৈ খণ্ডিত কৰি গল
মোৰ হৃদয়খন ,
হেজাৰ সপোনৰ
দিশ বোৰ চোন আজি
চূৰ্ণ বিচুৰ্ণ কৰি গল
ৰৈ গল মাথোঁ কিছু স্মৃতি
যিবোৰ সদায় চকুপানীৰ
কোবালত সতেজ হৈ ৰল ,
ফুলৰ পাহি বোৰৰ দৰে হৈ ৰল
মোৰ স্মৃতিবোৰ
মানুহে ফুলৰ দৰে ছিঙি ভাঙি গুচি গল
আৰু দুখৰ সুগন্ধ বোৰ বতাহতে ৰৈ গল।-
মোৰ নিস্তব্ধতাক তোমাৰ সাক্ষী বুলি
প্ৰমাণ নকৰো ,
মাথোঁ তুমি অবাস্তব কল্পনাৰ
জোৱাৰ নহবা ,
যাক ভটিয়াই গৈ পাৰ হোৱাটো
মোৰ বাবে কল্পনাহীন ।।-
আপোনাৰ সৌন্দৰ্যৰ আৰত
ভাঁহি উঠে
হেঁপাহৰ হাঁহি
ওঠৰ ভাষাত বিয়পি পৰে
মিঠা পৰশৰ চাৱনি ,
মোৰ নিভাঁজ গোপন হিয়াখনত
শান্ত কৰি পেলালে এজাক প্ৰেমৰ বতাহে,
যদি আপুনিও বিচাৰে ,
আপুনিও পাৰে প্ৰেমৰ বতাহজাকত
বিয়পিব লাহে লাহে ❤️-
दर्द ये मुक़द्दत अशकों में फसे ,
हस्ते हुये लम्हो में भी सुख ना मिले ,
प्यार की परिंदा तू ठहर जा ,
ये दुनिया मे टूटे दिल की
कोई तफज्जुल ना करते ।-
চিঠিত লিখা তাইজনীৰ নাম
আজি মোৰ বিয়াৰ চিঠিত নাই,
হেজাৰৰ আগত মূৰ তুলি
তাই মোৰ বুলি পৰিচয় দিয়া
মই জন আজি তেনেই অসহায় ।
প্ৰেমৰ অন্তিম যাত্ৰাৰ আগত
আমি দুয়ো হাৰি গলো
সমাজৰ আগত আৰু, পৰিয়ালৰ আগত।
বুজিব নোৱাৰো সমাজৰ
নিয়ম নীতি ,
হেজাৰ হৃদয় ভাঙি উঠি
আশীৰ্বাদ দিয়ে , সদায় সুখত থকা বুলি ।
চিঞৰি কব মন যায়
সেই সমাজৰ কি প্ৰয়োজন
যিয়ে নুবুজে আনৰ মন ,
কিন্তু আজি মইও নিৰূপাই
শব্দৰ উচ্চাৰণ মুখৰ পৰা ও নোলায় ।।
-